Tuesday 30 April 2013

যাযাবৰ

কোন কাৰ বাবে ৰৈ থাকে !

জীৱন,
প্ৰভাতী পখীৰ গান

চিনাকি বাটেদি গৈ থাকে
অচিন চিনাকি বাটৰুৱা
ৰৈ থাকে মাথোঁ
ৰাতিৰ কজলা পাহাৰ
শূণ্য কোঠাত উচুপে
শুভ কামনাৰ উপহাৰ

ময়ূৰ
২৩ এপ্ৰিল ,২০১৩

Sunday 28 April 2013

পোছাক

মোৰ জানো মন নেযায়
খুলি থওঁ এই
দুখৰ পোছাক?

গালে মুখে সানি লওঁ
জীৱনৰ ৰঙীণ আবিৰ !

মই যে নিৰূপায়

মোৰ নিসংগ পৃথিৱীত
এটাই মাথোঁ ঋতু
নাম যাৰ শীত

ময়ূৰ
২৮ এপ্ৰিল,২০১৩

অসংলগ্ন অনুবাদ

মেঘৰ চুবুৰিত
বাজিছে আজি
ৰাগ মেঘমল্লাৰ
আকাশৰ
চিপচিপ কান্দোন

এয়া কাৰ বিদায়ৰ দুখ

মোৰ পদূলিত গোন্ধাইছে
বিষণ্ণতাৰ খৰিকাজাঁই
বুকুৰ সজাঁত ধৰফৰায়
অচিন নীলা চৰাই

চকুৰ পতাত
নিস্তেজ উদাসীনতা
অনাথ হৈ উচুপিছে
আৰু এটা চালুকীয়া সন্ধ্যা

ময়ূৰ
২২ এপ্ৰিল ,২০১৩




স্তৱক

(১)
বুকুৰ উপত্যকাত
হাহাকাৰৰ নিস্তব্ধতা
বালিচৰত লাগি ৰয়
সুখৰ নাওঁ 
(২)
এনেদৰেই পাৰ হ'ল মোৰ
কতদিন কতৰাতি
শিতানত মৃত জোন
বুকুত ভাগৰুৱা বেলি

ময়ূৰ
২৭ এপ্ৰিল,২০১৩

Wednesday 17 April 2013

নূপুৰ

বুকুৰ ভিতৰত
তোলৈয়ে ৰাখিছিলো
আছুতীয়াকৈ মৰমবোৰ

নেজানো
তই কেলে বুজি নেপালি

এতিয়া
পথাৰখনৰ সেওঁতা ফলা
চিকুণ বাটটোৰ কেঁকুৰিত
ৰাতি ৰাতি তোৰ নূপুৰ বাজে

চিতাজুইত হাত সেকি
মই শুনি থাকো
নূপুৰৰ ৰুণজুন

মানুহ এটাক মৰাশ কৰা
সেই ৰুণজুন

—ময়ূৰ
২০ নৱেম্বৰ,২০১০