Monday 4 March 2013

শীতৰ কবিতা -১

চহৰখনলৈ শীত নামিছে

পাঁচবজাৰ এলাৰ্মত
আজি উঠিবলে মন যোৱা নাই মোৰ
মহানগৰৰ চিকুণ পুৱা

এইমাত্ৰ ভাগি যোৱা
সপোনটোত
তোমাক দেখিছিলো
বহুদিন পিছত

ওৰেৰাতি সপোনত
তোমাৰ স'তে বহি আছিলো
আমি পঢ়ি অহা কলেজখনৰ
কৃষ্ণচূড়াজোপাৰ তলত

তোমাৰ ক্ষন্তেকিয়া সান্নিধ্যত
এতিয়াওঁ
উমাল মোৰ বৰ্তমান,ভৱিষ্যৎ

চহৰখনলৈ শীত নামিছে

তুমি গুঠি দিয়া
হালধীয়া চুৱেটাৰটো পিন্ধি
জেপত দুহাত ভৰাই
পুণৰ
মোৰ দুৱাৰদলিত উপস্থিত
বিষাদ

কুঁৱলীয়ে
আজিও ঢাকিব পৰা নাই
তোমাৰ স্মৃতি

চাৰি দহক পুৰণি
এটা প্ৰাত:ভ্ৰমণৰ কাহিনী
তোমাৰ হাতত
মোৰ চেঁচা হাতৰ
অজানিত প্ৰথম পৰশ
আৰু
শিহৰিত হোৱা তোমাৰ দুচকুৰ চাৱনি
এক লহমাৰ সেই কুহুমীয়া উত্তাপ

ৰুম হিটাৰেও পাহৰাব পৰা নাই
সেই উত্তাপ
আজিও

এৰা,চহৰখনলৈ শীত নামিছে

শীত নামিছে

মোৰ পকি যোৱা চুলিত
আৰু সোতোৰা পৰা ছালত
এতিয়া
দুটা দহকৰ শীতৰ বুৰঞ্জী
-বিচ্ছেদৰ

চহৰখনলৈ শীত নামিছে
তোমালৈ মোৰ আকৌ মনত পৰিছে

                      — ময়ূৰ
                    ৭ নৱেম্বৰ,২০১১

1 comment: